-HODM Academy-
Home কৰোনা ভাইৰাস কোৰোনা প্ৰতিহত কৰিবলৈ ঐক্যবদ্ধ যুঁজ দিব লাগিব, ক্ৰীড়া সংগঠক-বিশিষ্ট ক্ৰীড়াবিদৰে অসম অলিম্পিক...

কোৰোনা প্ৰতিহত কৰিবলৈ ঐক্যবদ্ধ যুঁজ দিব লাগিব, ক্ৰীড়া সংগঠক-বিশিষ্ট ক্ৰীড়াবিদৰে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰৰ বাৰ্তালাপ

-HODM Academy-

অসম অলিম্পিক সন্থাৰ সভাপতি তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশমৰ্মে সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে শুকুৰবাৰে সন্ধিয়া ৬.৩০ বজাৰ পৰা অসম অলিম্পিক সন্থাৰ সদস্য সদস্যা সকল, ৰাজ্যৰ বিশিষ্ট ক্ৰীড়াবিদ, ক্ৰীড়া বিষয়া, ৰাজ্যিক আৰু জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া সকলৰ সৈতে কোৰোনাৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি সম্পৰ্কত কনফাৰেন্স কলযোগে বাৰ্তালাপ কৰে। কোঁৱৰে বাৰ্তালাপত সকলোৰে কুশল বাৰ্তা লোৱাৰ লগতে এই মহামাৰীৰ বিৰুদ্ধে সকলোৱে ঐক্যবদ্ধ হৈ যুঁজ দিয়াৰ পোষকতা কৰে।

তেখেতে কয়, কোৰোনা মহামাৰীৰ ক্ষেত্ৰত চৰকাৰে যিসমূহ প্ৰতিকাৰমূলক নিৰ্দেশনা জাৰি কৰিছে তাক আখৰে আখৰে পালন কৰিলেহে এই মহামাৰীক আমি প্ৰতিহত কৰিবলৈ সক্ষম হম। কোৰোনা বিজাণুক পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সামাজিক দূৰত্বৰ জৰিয়তেহে পৰাভূত কৰা সম্ভৱ আৰু সমাজৰ সচেতন ব্যক্তি সকলে এই বিষয়ত সজাগতা সৃষ্টি কৰাত নেতৃত্ব বহন কৰিব লাগিব। এই মুহুৰ্তত কিছু সমাজবিৰোধী চক্ৰই সাম্প্ৰদায়িক আচৰণেৰে সমাজখনক অস্থিৰ কৰিব বিচাৰিছে, কিন্তু আমি মানৱ জাতিৰ এই মহা সংকটৰ সময়ত এনে আচৰণক কোনোপধ্যেই প্ৰশ্ৰয় দিব নালাগিব।

বাৰ্তালাপত অংশগ্ৰহণ কৰা সকলোৱে একেমুখে এই চৰম সংকটকালত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমূহক ভূয়সী প্ৰশংসা কৰে। সকলোৱে কয় যে, “বিশ্বত্ৰাস কোৰোনাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমাৰ ৰাষ্ট্ৰই যি সমূহ প্ৰতিকাৰমূলক পদক্ষেপ গ্ৰহণ কৰিছে তাৰ ফলত আমি পশ্চিমীয়া ৰাষ্ট্ৰসমূহতকৈ সুৰক্ষিত হৈ আছো। চৰকাৰে কৰা ঘোষণাবোৰ পালন কৰাত দেশৰ জনতাই যি সঁহাৰি প্ৰদান কৰিছে তাৰ ফলত এই দীঘলীয়া যুদ্ধখন আগবঢ়াই নিয়াত ৰাষ্ট্ৰই অধিক শক্তি লাভ কৰিছে। কোৰোনাৰ সংহাৰৰ ফলত বিশ্বৰ আগশাৰীৰ দেশবোৰৰ কৰুণ দৃশ্যই আমাক ব্যথিত কৰি তোলাৰ সময়তে অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ২৪ ঘণ্টাই অক্লান্ত পৰিশ্ৰমৰ জৰিয়তে অসমৰ স্বাস্থ্যবিভাগক সম্ভাব্য যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সাজু কৰি তুলিছে। সমান্তৰালকৈ মুখ্যমন্ত্ৰীৰ নেতৃত্বত অন্যান্য সকলো বিভাগে এই দীঘলীয়া লকডাউনৰ সময়চোৱাত যাতে ৰাজ্যবাসীয়ে অত্যাৱশ্যকীয় সেৱা সমূহ অবিৰত ভাবে লাভ কৰি থাকে তাৰবাবে কঠোৰ পৰিশ্ৰম কৰি গৈছে। এই কঠিন সময়ত সকলো মানৱীয় সেৱা অব্যাহত ৰখাৰ বাবে দুয়োগৰাকী নেতাই গ্ৰহণ কৰা সময়োপযোগী পদক্ষেপ তথা ৰাজ্যবাসীৰ সঁহাৰিয়ে আমাক আশ্বস্ত কৰিছে। আমি নিশ্চিত এই দীঘলীয়া যুদ্ধত জয় আমাৰেই।”

-HODM Academy-
-HODM Academy-

Stay Connected

16,985FansLike
2,458FollowersFollow
61,453SubscribersSubscribe

Must Read

বোকাখাত সমষ্টিত প্ৰাৰ্থিত্বক লৈ অগপ–বিজেপিৰ মাজত যুজঁ!

২০২১ৰ নিৰ্বাচনত বোকাখাত সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ বাবে ৰাজ্যিক সমিতিক দাবী জনাব বুলি আকাশ ফুকনে মন্তব্য কৰে৷
-HODM Academy-

ই ভি এম টেম্পাৰিং নহ’লে ২০২১ হ’ব কংগ্ৰেছৰ চৰকাৰ – দাবী ৰিপুণ বৰাৰ

বিজেপিক পৰাভূত কৰিবলৈ এআইডিএফকে ধৰি সকলো আঞ্চলিক দলৰ বাবে কংগ্ৰেছৰ দুৱাৰ শেষ মুহূৰ্তলৈকে খোলা থাকিব বুলি মন্তব্য কৰে ৰিপুন বৰাই৷

বিধায়ক ৰমাকান্ত দেউৰীৰ বিধায়ক পদ খাৰিজ কৰাৰ দাবী অসম যুৱ ব্ৰাহ্মণ সমাজৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো বিধায়কজনক লেকাম লগোৱাৰ দাবী ব্ৰাহ্মণ সমাজৰ। ব্ৰাহ্মণ সমাজক লৈ কটু মন্তব্য কৰা বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে...

General Atlantic-Reliance Retail deal: ৰিলায়েঞ্চ ৰিটেইলত ৩৬৭৫ কোটি টকা বিনিয়োগ কৰিব General Atlantic–এ

ৰিলায়েঞ্চ ৰিটেইলৰ ভেঞ্চাৰ্ছৰ সহযোগী ৰিলায়েঞ্চ ৰিটেইল ভাৰতৰ সৰ্ববৃহৎ খুচুৰা ব্যৱসায়, যিয়ে ৭০০০খন চহৰত ১২০০০খন বিপণীৰ জৰিয়তে সেৱা আগবঢ়াই আছে।

Related News

হাথৰছ কাণ্ডঃ পোষ্টমৰ্টেম ৰিপ’ৰ্টত ওলাল–কেবাবাৰো চেপা হৈছিল ডিঙি, চাৰ্ভাইকল স্পাইন ভঙাৰ ফলত মৃত্যু

Hathras Case: পোষ্টমৰ্টেম ৰিপ’ৰ্টত কোৱা হৈছে যে ডিঙি চেপাৰ ফলত চাৰ্ভাইকল স্পাইন ভাঙি গৈছিল আৰু তাৰ ফলত ভুক্তভোগীৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে...
-HODM Academy-

LEAVE A REPLY

Please enter your comment!
Please enter your name here