-HODM Academy-
Home কৰোনা ভাইৰাস বাঢ়িছে কোৰোণাত আক্ৰান্ত, ২৫ ছেপ্তেম্বৰৰ পৰা দেশজুৰি বলৱত্‍ হ’ব নেকি ল’ক ডাউন?

বাঢ়িছে কোৰোণাত আক্ৰান্ত, ২৫ ছেপ্তেম্বৰৰ পৰা দেশজুৰি বলৱত্‍ হ’ব নেকি ল’ক ডাউন?

-HODM Academy-

পিছে কিমান সত্য এই খবৰ?

কোৰোণা ভাইৰাছে আগতকৈ ভয়ংকৰ ৰূপ লৈছে সমগ্ৰ দেশতে। বাঢ়িছে আক্ৰান্তৰ সংখ্যা। বাঢ়িছে মৃত্যু হোৱা লোকৰ সংখ্যাও। প্ৰতিদিনে দেশত ৯০ হাজাৰতকৈ অধিক লোক কোৰোণাত আক্ৰান্ত হৈছে। দেশত এতিয়া চলি আছে আনল’ক প্ৰক্ৰিয়া। প্ৰায় সকলোতে এতিয়া প্ৰদান কৰা হৈছে শিথিলতা। ইয়াৰ মাজতে পোহৰলৈ আহিছে এখন বিশেষ জাননী।

ছচিয়েল মিডিয়াত এতিয়া ব্যাপক ভাবে ভাইৰেল হৈছে জাননী খন। জাননী অনুসৰি দেশৰ দুৰ্যোগ প্ৰশমন বিভাগে জনাইছে যে, আগন্তুক ২৫ ছেপ্তেম্বৰৰ পৰা সমগ্ৰ দেশতে ৪৫ দিনৰ বাবে বলৱত্‍ কৰা হ’ব কঠোৰ ল’ক ডাউন। বিবৃতিটোত লগতে জনোৱা হৈছে যে, এন ডি এম এ আৰু পৰিকল্পনা কমিশ্যনে প্ৰধানমন্ত্ৰী কাৰ্যালয়ক  ৪৫ দিন দেশত কঠোৰ ল’ক ডাউন বলৱত্‍ কৰিবলৈ আহ্বান জনাইছে। পিছে কিমান সত্য এই খবৰ?

পি আই বি ফেক্টচেকে জনাইছে যে, এই খবৰ সম্পূৰ্ণ ভুৱা। ‘National Disaster Management Authority’-এ এই পৰ্যন্ত এনেধৰণৰ কোনো নিৰ্দেশনা দিয়া নাই। ইচ্ছাকৃত ভাবে জনতাৰ মনত ভয় সৃষ্টি কৰিবলৈ কোনো দুষ্ট চক্ৰই এনেধৰণৰ পোষ্ট ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। আনকি জালকৈ ব্যৱহাৰ কৰা হৈছে  এন ডি এম এৰ পেড। এনেধৰণৰ ভুৱা বাতৰিৰ পৰা জনসাধাৰণকো আঁতৰি থাকিবলৈ অনুৰোধ জনাইছে পি আই বি ফেক্ট চেকে।

উল্লেখযোগ্য যে,  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৰোণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মাৰ্চ মাহত সমগ্ৰ দেশতে ল’ক ডাউন ঘোষণা কৰিছিল। বৰ্তমান সমগ্ৰ দেশতে আনল’ক প্ৰক্ৰিয়া চলি আছে।

-HODM Academy-
-HODM Academy-

Stay Connected

16,985FansLike
2,458FollowersFollow
61,453SubscribersSubscribe

Must Read

বোকাখাত সমষ্টিত প্ৰাৰ্থিত্বক লৈ অগপ–বিজেপিৰ মাজত যুজঁ!

২০২১ৰ নিৰ্বাচনত বোকাখাত সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ বাবে ৰাজ্যিক সমিতিক দাবী জনাব বুলি আকাশ ফুকনে মন্তব্য কৰে৷
-HODM Academy-

ই ভি এম টেম্পাৰিং নহ’লে ২০২১ হ’ব কংগ্ৰেছৰ চৰকাৰ – দাবী ৰিপুণ বৰাৰ

বিজেপিক পৰাভূত কৰিবলৈ এআইডিএফকে ধৰি সকলো আঞ্চলিক দলৰ বাবে কংগ্ৰেছৰ দুৱাৰ শেষ মুহূৰ্তলৈকে খোলা থাকিব বুলি মন্তব্য কৰে ৰিপুন বৰাই৷

বিধায়ক ৰমাকান্ত দেউৰীৰ বিধায়ক পদ খাৰিজ কৰাৰ দাবী অসম যুৱ ব্ৰাহ্মণ সমাজৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো বিধায়কজনক লেকাম লগোৱাৰ দাবী ব্ৰাহ্মণ সমাজৰ। ব্ৰাহ্মণ সমাজক লৈ কটু মন্তব্য কৰা বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে...

General Atlantic-Reliance Retail deal: ৰিলায়েঞ্চ ৰিটেইলত ৩৬৭৫ কোটি টকা বিনিয়োগ কৰিব General Atlantic–এ

ৰিলায়েঞ্চ ৰিটেইলৰ ভেঞ্চাৰ্ছৰ সহযোগী ৰিলায়েঞ্চ ৰিটেইল ভাৰতৰ সৰ্ববৃহৎ খুচুৰা ব্যৱসায়, যিয়ে ৭০০০খন চহৰত ১২০০০খন বিপণীৰ জৰিয়তে সেৱা আগবঢ়াই আছে।

Related News

হাথৰছ কাণ্ডঃ পোষ্টমৰ্টেম ৰিপ’ৰ্টত ওলাল–কেবাবাৰো চেপা হৈছিল ডিঙি, চাৰ্ভাইকল স্পাইন ভঙাৰ ফলত মৃত্যু

Hathras Case: পোষ্টমৰ্টেম ৰিপ’ৰ্টত কোৱা হৈছে যে ডিঙি চেপাৰ ফলত চাৰ্ভাইকল স্পাইন ভাঙি গৈছিল আৰু তাৰ ফলত ভুক্তভোগীৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে...
-HODM Academy-

LEAVE A REPLY

Please enter your comment!
Please enter your name here