-HODM Academy-
Home News সুদীৰ্ঘ ৩৬ বছৰৰ পিছত মহামিলন সহপাঠীৰঃ নাৰায়ণপুৰৰ জ্যোতি সংগম চৌহদত আনন্দৰ চকুলো…

সুদীৰ্ঘ ৩৬ বছৰৰ পিছত মহামিলন সহপাঠীৰঃ নাৰায়ণপুৰৰ জ্যোতি সংগম চৌহদত আনন্দৰ চকুলো…

-HODM Academy-

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ জৰাবাৰীস্থিত অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুস্থান জ্যোতি সংগমৰ চৌহদত এক আনন্দ মুখৰ পৰিবেশ । উত্তৰ অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেনী পৰ্যন্ত অধ্যয়ন কৰা সহপাঠী সকল সুদীৰ্ঘ ৩৬ বছৰৰ পিছত সমবেত হৈছে জ্যোতি সংগমৰ চৌহদত ।

সামাজিক মাধ্যম ফেচবুক আৰু ৱাটচেপৰ জৰিয়তে ঐক্যবদ্ধ হোৱা সহপাঠী সকলৰ উপস্থিতিয়ে জীপাল কৰি তুলিছে সমগ্ৰ পৰিবেশ । চাকৰি অথবা ব্যৱসায় সূত্ৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন অঞ্চলত বসবাস কৰি থকা সহপাঠী সকলক ওচৰতে পাই আনন্দত আত্মহাৰা হৈ পৰিছে সকলো । একাংশ যদি ৰন্ধা-বহাত ব্যস্ত আন একাংশ আকৌ হাঁহি ধেমালিৰে অন্তৰংগ আলাপ অলপতে ব্যস্ত । এক কথাত ক’বলৈ গ’লে আনন্দত মতলীয়া হৈ পৰিছে সকলো ।

তাৰে মাজতে ৰূপায়ণ কৰিছে মনোজ্ঞ অনুস্থান । সহপাঠী অমৃত দত্ত আৰু ব্ৰজেন বৈৰাগীয়ে আতধৰা মনোজ্ঞ অনুস্থানটিত প্ৰতি জন সহপাঠীয়ে বক্তব্য প্ৰদান কৰি স্কুলীয়া জীৱনৰ স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰে । স্মৃতি ৰোমন্থনৰ মাজতে কোনোৱে যদি গীত গাইছে আন কোনোৱে আকৌ আওৰাইছে ভাওনা-নাটকৰ সংলাপ । আন কোনোৱে আকৌ আওৰাইছে ভাগৱত-কীৰ্ত্তনৰ শ্লোগ । বিশ্বজোৰা মহামাৰী ক’ৰোনাৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণ চৰকাৰী নীতি-নিৰ্দেশনা মানি আয়োজন কৰা অনুস্থানটিৰ আৰম্ভণিতে ইতিমধ্যে মৃত্যু বৰণ কৰা সহপাঠী সতীৰ্থ সকলক স্মৃতিচাৰণ কৰি এক মিনিট মৌন প্ৰাৰ্থনাৰে বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে ।

অনুস্থানৰ অন্তত সকলোৱে একেলগে বৰালী মাছ আৰু লোকেল মুৰ্গীৰ মাংসৰে আনন্দৰে এসাজ খাই । আনহাতে এই অনুস্থানৰ জৰিয়তে সমবেত অৰ্ধশতাধিক সহপাঠী সতীৰ্থই এজনে আনজনৰ দুখৰ দিনত দুখী আৰু সুখৰ দিনত সুখী হোৱাৰ সংকল্প গ্ৰহণ কৰে । উল্লেখ্য যে সহপাঠী অমৃত দত্ত, পবিত্ৰ কাকতি,ব্ৰজেন বৈৰাগী,অচ্যুত শইকীয়া,দুগ্ধ বৰালী,ৰাজেন চেকনিধৰাৰ বিশেষ তৎপৰতাত সুদীৰ্ঘ ৩৬ বছৰৰ পিছত এনেদৰে ঐক্যবদ্ধ হ’বলৈ সুযোগ লাভ কৰাৰ বাবে সকলোৱে তেওঁলোকৰ ভূমিকাৰ শলাগ লয় ।

-HODM Academy-
-HODM Academy-

Stay Connected

16,985FansLike
2,458FollowersFollow
61,453SubscribersSubscribe

Must Read

-HODM Academy-

wow , what a beautifull voice

https://youtu.be/pKY059pe5JQ

Wow , what a play

https://youtu.be/HXg-9Pill-c

Related News

wow , what a beautifull voice

https://youtu.be/pKY059pe5JQ

Wow , what a play

https://youtu.be/HXg-9Pill-c
-HODM Academy-

LEAVE A REPLY

Please enter your comment!
Please enter your name here