-HODM Academy-
Home নিঊজ General Atlantic-Reliance Retail deal: ৰিলায়েঞ্চ ৰিটেইলত ৩৬৭৫ কোটি টকা বিনিয়োগ কৰিব General...

General Atlantic-Reliance Retail deal: ৰিলায়েঞ্চ ৰিটেইলত ৩৬৭৫ কোটি টকা বিনিয়োগ কৰিব General Atlantic–এ

-HODM Academy-

ৰিলায়েঞ্চ ৰিটেইলৰ ভেঞ্চাৰ্ছৰ সহযোগী ৰিলায়েঞ্চ ৰিটেইল ভাৰতৰ সৰ্ববৃহৎ খুচুৰা ব্যৱসায়, যিয়ে ৭০০০খন চহৰত ১২০০০খন বিপণীৰ জৰিয়তে সেৱা আগবঢ়াই আছে।

এইবাৰ আমেৰিকাৰ কোম্পানী General Atlantic–এ ৩৬৭৫ কোটি টকা বিনিয়োগ কৰিব ৰিলায়েঞ্চ ৰিটেইলত। ইয়াৰ জৰিয়তে ০.৮৪ শতাংশৰ অংশীদাৰিত্ব থাকিব কোম্পানীটোৰ। ৰিলায়েঞ্চ ইণ্ডাষ্ট্রিজ লিমিটেডৰ ৰিটেইল ইউনিটত এটা মাহত এয়া তৃতীয়টো বিনিয়োগ।

ৰিলায়েঞ্চ ৰিটেইলৰ ভেঞ্চাৰ্ছৰ সহযোগী ৰিলায়েঞ্চ ৰিটেইল ভাৰতৰ সৰ্ববৃহৎ খুচুৰা ব্যৱসায়, যিয়ে ৭০০০খন চহৰত ১২০০০খন বিপণীৰ জৰিয়তে সেৱা আগবঢ়াই আছে।

প্ৰযুক্তি, উপভোক্তা, আৰ্থিক সেৱা আৰু স্বাস্থ্যসেৱাত বিনিয়োগৰ ৪০ বছৰৰ ট্ৰেক ৰেকৰ্ড থকা জেনেৰেল আটলাণ্টিকৰ শেহতীয়া বিনিয়োগ প্ৰযুক্তিগত উদ্ভাৱনৰ জৰিয়তে ৰিলায়েঞ্চ ৰিটেইলক ভাৰতীয় খুচুৰা বজাৰত এক ৰূপান্তৰ পৰিচালনাৰ সামৰ্থ্য হিচাপে সমৰ্থন কৰা দেখা যাব।

ৰিলায়েঞ্চ এণ্টাৰপ্ৰাইজত এয়া জেনেৰেল আটলাণ্টিকৰ দ্বিতীয়টো বিনিয়োগ। মে’ মাহত কোৱা হৈছিল যে কোম্পানীটোৱে ৰিলায়েঞ্চ ইণ্ডাষ্ট্রিজৰ ডিজিটেল সেৱা জিঅ’ প্লেটফৰ্মত ৬৫৯৮ কোটি টকা বিনিয়োগ কৰিব।

বিগত ছেপ্টেম্বৰ মাহত ছিলভাৰ লেকে ৰিলায়েঞ্চ ৰিটেইল ভেঞ্চাৰ্ছত ১.৭৫ শতাংশ অংশীদাৰিত্বৰ বাবে ৭,৫০০ কোটি টকা বিনিয়োগৰ কথা জনাইছিল।

বিগত সপ্তাহত আন এটা আগশাৰীৰ ব্যক্তিগত ইকুইটি প্লেয়াৰ কেকেআৰ এণ্ড কোম্পানীয়ে কৈছিল যে তেওঁলোকে ৫৫৫০ কোটি টকা ৰিলায়েঞ্চ ৰিটেইল ভেঞ্চাৰ্ছত বিনিয়োগ কৰিব ১.২৮ শতাংশ অংশীদাৰিত্বৰ বাবে।

ৰিলায়েঞ্চে জনাইছে, ৰিলায়েঞ্চ ৰিটেইলৰ বিনিয়োগ মূল্য বৃদ্ধি হ’ল ৪.২৮ লাখ কোটি টকা (প্ৰি–মানি ইকুইটি ভেল্যু)। আগৰ দুটা চুক্তিৰ পৰিমাণ আছিল ৪.২১ লাখ কোটি টকা।

তেলৰ পৰা টেলিকমলৈ – দেশৰ গৌৰৱ তথা বিশ্বৰ অন্যতম মূল্যৱান সংস্থা ৰিলায়েঞ্চ ইণ্ডাষ্ট্রিজৰ খুচুৰা ব্যৱসায় দ্ৰুতগতিত আগুৱাই গৈছে। ইতিমধ্যে এমাজন ইণ্ডিয়া আৰু ৱালমাৰ্টৰ ফ্লিপকাৰ্টক তীব্ৰ প্ৰত্যাহ্বান জনাইছে ৰিলায়েঞ্চে। বিগত মে’ মাহত ৰিলায়েঞ্চ অনলাইন গ্ৰোচাৰী সেৱা JioMart মুকলি কৰা হৈছে। এই মুহূৰ্তত ৰিলায়েঞ্চ ভাৰতৰ সকলোতকৈ বৃহৎ ৰিটেইল সংস্থা।

আৰআৰভিএলৰ শাখা সংস্থা ৰিলায়েঞ্চ ৰিটেইল লিমিটেড সংগঠিত খুচুৰা ক্ষেত্ৰত ভাৰতৰ বৃহত্তম, দ্ৰুততম হাৰত বৰ্ধিত আৰু আটাইতকৈ লাভজনক সংস্থা। ছুপাৰ মাৰ্কেটৰ পৰা আৰম্ভ কৰি কনজুমাৰ ইলেকট্ৰনিক্স চেইন বিপণী, পাইকাৰী ব্যৱসায়, ফেশ্বন আউটলেট আৰু অনলাইন বিপণী জিঅ’ মাৰ্ট পৰিচালনা কৰে। ফিউচাৰ গোষ্ঠীৰ পাইকাৰী আৰু খুচুৰা ব্যৱসায় কিনি লোৱাৰ পিছত ভাৰতৰ সংগঠিত খুচুৰা ব্যৱসায় ক্ষেত্ৰৰ এক তৃতীয়াংশ মুকেশ আম্বানীৰ অধীনলৈ যাব বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে।

-HODM Academy-
-HODM Academy-

Stay Connected

16,985FansLike
2,458FollowersFollow
61,453SubscribersSubscribe

Must Read

বোকাখাত সমষ্টিত প্ৰাৰ্থিত্বক লৈ অগপ–বিজেপিৰ মাজত যুজঁ!

২০২১ৰ নিৰ্বাচনত বোকাখাত সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ বাবে ৰাজ্যিক সমিতিক দাবী জনাব বুলি আকাশ ফুকনে মন্তব্য কৰে৷
-HODM Academy-

ই ভি এম টেম্পাৰিং নহ’লে ২০২১ হ’ব কংগ্ৰেছৰ চৰকাৰ – দাবী ৰিপুণ বৰাৰ

বিজেপিক পৰাভূত কৰিবলৈ এআইডিএফকে ধৰি সকলো আঞ্চলিক দলৰ বাবে কংগ্ৰেছৰ দুৱাৰ শেষ মুহূৰ্তলৈকে খোলা থাকিব বুলি মন্তব্য কৰে ৰিপুন বৰাই৷

বিধায়ক ৰমাকান্ত দেউৰীৰ বিধায়ক পদ খাৰিজ কৰাৰ দাবী অসম যুৱ ব্ৰাহ্মণ সমাজৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো বিধায়কজনক লেকাম লগোৱাৰ দাবী ব্ৰাহ্মণ সমাজৰ। ব্ৰাহ্মণ সমাজক লৈ কটু মন্তব্য কৰা বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে...

General Atlantic-Reliance Retail deal: ৰিলায়েঞ্চ ৰিটেইলত ৩৬৭৫ কোটি টকা বিনিয়োগ কৰিব General Atlantic–এ

ৰিলায়েঞ্চ ৰিটেইলৰ ভেঞ্চাৰ্ছৰ সহযোগী ৰিলায়েঞ্চ ৰিটেইল ভাৰতৰ সৰ্ববৃহৎ খুচুৰা ব্যৱসায়, যিয়ে ৭০০০খন চহৰত ১২০০০খন বিপণীৰ জৰিয়তে সেৱা আগবঢ়াই আছে।

Related News

হাথৰছ কাণ্ডঃ পোষ্টমৰ্টেম ৰিপ’ৰ্টত ওলাল–কেবাবাৰো চেপা হৈছিল ডিঙি, চাৰ্ভাইকল স্পাইন ভঙাৰ ফলত মৃত্যু

Hathras Case: পোষ্টমৰ্টেম ৰিপ’ৰ্টত কোৱা হৈছে যে ডিঙি চেপাৰ ফলত চাৰ্ভাইকল স্পাইন ভাঙি গৈছিল আৰু তাৰ ফলত ভুক্তভোগীৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে...
-HODM Academy-

LEAVE A REPLY

Please enter your comment!
Please enter your name here