-HODM Academy-
Home নিঊজ হাথৰছ কাণ্ডঃ পোষ্টমৰ্টেম ৰিপ’ৰ্টত ওলাল–কেবাবাৰো চেপা হৈছিল ডিঙি, চাৰ্ভাইকল স্পাইন ভঙাৰ ফলত...

হাথৰছ কাণ্ডঃ পোষ্টমৰ্টেম ৰিপ’ৰ্টত ওলাল–কেবাবাৰো চেপা হৈছিল ডিঙি, চাৰ্ভাইকল স্পাইন ভঙাৰ ফলত মৃত্যু

-HODM Academy-

Hathras Case: পোষ্টমৰ্টেম ৰিপ’ৰ্টত কোৱা হৈছে যে ডিঙি চেপাৰ ফলত চাৰ্ভাইকল স্পাইন ভাঙি গৈছিল আৰু তাৰ ফলত ভুক্তভোগীৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে আলিগড়ৰ জেএন মেডিকেল কলেজৰ ৰিপ’ৰ্টতো ডিঙিৰ হাড় ভঙাৰ ফলত মৃত্যু হোৱাৰ কথা কোৱা হৈছিল।

(Postmortem Report) সন্মুখলৈ আহিছে। সফদৰজং হাস্পতালৰ (Safdarjung Hospital) চিকিৎসকৰ পেনেলৰ দ্বাৰা কৰা পোষ্টমৰ্টেমত কোৱা হৈছে যে যুৱতীগৰাকীৰ মৃত্যু ডিঙিৰ হাড় ভগাৰ ফলত হয়। ডিঙিত আঘাতৰ চিনো আছে। অৱশ্যে পোষ্টমৰ্টেম ৰিপ’ৰ্টত বলাৎকাৰৰ কথা উল্লেখ কৰা নাই।

পোষ্টমৰ্টেম ৰিপ’ৰ্টত কোৱা হৈছে যে ডিঙি চেপি দিয়াৰ ফলত চাৰ্ভাইকল স্পাইন ভাগি গৈছিল আৰু ইয়াৰ ফলতে প্ৰধানকৈ যুৱতীগৰাকীৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে আলিগড়ৰ জেএন মেডিকেল কলেজৰ ৰিপ’ৰ্টতো ডিঙিৰ হাড় ভাগি যোৱা কথা কোৱা হৈছিল। মেডিকেল ৰিপ’ৰ্টত কোৱা হৈছে যে ডিঙি চেপাৰ ফলত চাৰ্ভাইকল স্পাইনৰ লিগামেণ্ট ছিগিছিল। মেডিকেল ৰিপ’ৰ্টত বলাৎকাৰৰ কথা অস্বীকাৰ কৰা হৈছিল।

মৃত্যুৰ পূৰ্বে পীড়িতাৰ ভিডিও ভাইৰেল

উল্লেখ্য যে, পীড়িতাই মৃত্যুৰ পূৰ্বে বিবৃতি দিছিল যে তেওঁৰ সৈতে বলাৎকাৰ হৈছে। ইয়াৰ পিছত দোপাত্তাৰে তেওঁৰ ডিঙি চেপা হৈছিল। কিন্তু তেওঁৰ চিঞৰ বাখৰ শুনি মাক সেই ঠাইত পোৱাত অভিযুক্তই তাৰ পৰা পলায়ন কৰে। ইয়াৰ মাজতে পীড়িতাৰ এটা ভিডিও ছচিয়েল মিডিয়াত ভাইৰেল হয় য’ত তেওঁ এই কথা কৈছে যে অভিযুক্তকেইটাই ইয়াৰ আগতেও তেওঁক বলাৎকাৰ কৰাৰ অপচেষ্টা চলাইছিল, কিন্তু সেই সময়ত তেওঁ পলাই প্ৰাণ ৰক্ষা কৰিছিল। কিন্তু ১৪ ছেপ্তেম্বৰৰ দিনটোত তেওঁ সাৰি যাব নোৱাৰিলে। অভিযুক্ত সন্দীপ আৰু ৰবিয়ে তেওঁৰ সৈতে ‍বলাৎকাৰ কৰে। সেই সময়ত ৰামকুমাৰ আৰু লৱকুশো আছিল। উল্লেখ্য যে, ১৫দিন পিছত ২৯ছেপ্তেম্বৰত পীড়িতাই দিল্লীৰ ছফদৰজং হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

SIT–এ সমগ্ৰ বিষয়টোৰ তদন্ত কৰি আছে
পীড়িতাৰ মৃত্যুৰ পিছত জন আক্ৰোশলৈ চাই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তিনিজনীয়া সদস্যৰে এছআইটি গঠন কৰিছে। এই তদন্ত কমিটিয়ে নিজৰ প্ৰতিবেদন দাখিল কৰাৰ লগে লগে সমগ্ৰ বিষয়টো ফাষ্ট ট্ৰেক আদালতলৈ গুচি যাব।

-HODM Academy-
-HODM Academy-

Stay Connected

16,985FansLike
2,458FollowersFollow
61,453SubscribersSubscribe

Must Read

বোকাখাত সমষ্টিত প্ৰাৰ্থিত্বক লৈ অগপ–বিজেপিৰ মাজত যুজঁ!

২০২১ৰ নিৰ্বাচনত বোকাখাত সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ বাবে ৰাজ্যিক সমিতিক দাবী জনাব বুলি আকাশ ফুকনে মন্তব্য কৰে৷
-HODM Academy-

ই ভি এম টেম্পাৰিং নহ’লে ২০২১ হ’ব কংগ্ৰেছৰ চৰকাৰ – দাবী ৰিপুণ বৰাৰ

বিজেপিক পৰাভূত কৰিবলৈ এআইডিএফকে ধৰি সকলো আঞ্চলিক দলৰ বাবে কংগ্ৰেছৰ দুৱাৰ শেষ মুহূৰ্তলৈকে খোলা থাকিব বুলি মন্তব্য কৰে ৰিপুন বৰাই৷

বিধায়ক ৰমাকান্ত দেউৰীৰ বিধায়ক পদ খাৰিজ কৰাৰ দাবী অসম যুৱ ব্ৰাহ্মণ সমাজৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো বিধায়কজনক লেকাম লগোৱাৰ দাবী ব্ৰাহ্মণ সমাজৰ। ব্ৰাহ্মণ সমাজক লৈ কটু মন্তব্য কৰা বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে...

General Atlantic-Reliance Retail deal: ৰিলায়েঞ্চ ৰিটেইলত ৩৬৭৫ কোটি টকা বিনিয়োগ কৰিব General Atlantic–এ

ৰিলায়েঞ্চ ৰিটেইলৰ ভেঞ্চাৰ্ছৰ সহযোগী ৰিলায়েঞ্চ ৰিটেইল ভাৰতৰ সৰ্ববৃহৎ খুচুৰা ব্যৱসায়, যিয়ে ৭০০০খন চহৰত ১২০০০খন বিপণীৰ জৰিয়তে সেৱা আগবঢ়াই আছে।

Related News

বোকাখাত সমষ্টিত প্ৰাৰ্থিত্বক লৈ অগপ–বিজেপিৰ মাজত যুজঁ!

২০২১ৰ নিৰ্বাচনত বোকাখাত সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ বাবে ৰাজ্যিক সমিতিক দাবী জনাব বুলি আকাশ ফুকনে মন্তব্য কৰে৷

ই ভি এম টেম্পাৰিং নহ’লে ২০২১ হ’ব কংগ্ৰেছৰ চৰকাৰ – দাবী ৰিপুণ বৰাৰ

বিজেপিক পৰাভূত কৰিবলৈ এআইডিএফকে ধৰি সকলো আঞ্চলিক দলৰ বাবে কংগ্ৰেছৰ দুৱাৰ শেষ মুহূৰ্তলৈকে খোলা থাকিব বুলি মন্তব্য কৰে ৰিপুন বৰাই৷

বিধায়ক ৰমাকান্ত দেউৰীৰ বিধায়ক পদ খাৰিজ কৰাৰ দাবী অসম যুৱ ব্ৰাহ্মণ সমাজৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো বিধায়কজনক লেকাম লগোৱাৰ দাবী ব্ৰাহ্মণ সমাজৰ। ব্ৰাহ্মণ সমাজক লৈ কটু মন্তব্য কৰা বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে...

General Atlantic-Reliance Retail deal: ৰিলায়েঞ্চ ৰিটেইলত ৩৬৭৫ কোটি টকা বিনিয়োগ কৰিব General Atlantic–এ

ৰিলায়েঞ্চ ৰিটেইলৰ ভেঞ্চাৰ্ছৰ সহযোগী ৰিলায়েঞ্চ ৰিটেইল ভাৰতৰ সৰ্ববৃহৎ খুচুৰা ব্যৱসায়, যিয়ে ৭০০০খন চহৰত ১২০০০খন বিপণীৰ জৰিয়তে সেৱা আগবঢ়াই আছে।

হাথৰছ কাণ্ডঃ পোষ্টমৰ্টেম ৰিপ’ৰ্টত ওলাল–কেবাবাৰো চেপা হৈছিল ডিঙি, চাৰ্ভাইকল স্পাইন ভঙাৰ ফলত মৃত্যু

Hathras Case: পোষ্টমৰ্টেম ৰিপ’ৰ্টত কোৱা হৈছে যে ডিঙি চেপাৰ ফলত চাৰ্ভাইকল স্পাইন ভাঙি গৈছিল আৰু তাৰ ফলত ভুক্তভোগীৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে...
-HODM Academy-

LEAVE A REPLY

Please enter your comment!
Please enter your name here