-HODM Academy-
Home নিঊজ ই ভি এম টেম্পাৰিং নহ’লে ২০২১ হ’ব কংগ্ৰেছৰ চৰকাৰ – দাবী ৰিপুণ...

ই ভি এম টেম্পাৰিং নহ’লে ২০২১ হ’ব কংগ্ৰেছৰ চৰকাৰ – দাবী ৰিপুণ বৰাৰ

-HODM Academy-

বিজেপিক পৰাভূত কৰিবলৈ এআইডিএফকে ধৰি সকলো আঞ্চলিক দলৰ বাবে কংগ্ৰেছৰ দুৱাৰ শেষ মুহূৰ্তলৈকে খোলা থাকিব বুলি মন্তব্য কৰে ৰিপুন বৰাই৷

ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে ২০২১ৰ বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে প্ৰতিটো সমষ্টিত৷ ২১ত ৰাজ্যত কংগ্ৰেছৰেই চৰকাৰ হ’ব বুলি প্ৰায়েই দাবী কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ মুখত নিৰ্বাচনৰ পূৰ্বে পুনৰ ইভিএম টেম্পাৰিং প্ৰসংগ৷ ঢেকিয়াজুলিত কংগ্ৰেছৰ এক বিশাল যোগদান সভাত অংশগ্ৰহণ কৰি APCCৰ সভাপতিগৰাকীৰ মন্তব্য – যদিহে এইবাৰ ইভিএম টেম্পাৰিং নহয়, তেনেহ’লে কংগ্ৰেছৰেই চৰকাৰ হ’ব৷

ৰিপুণ বৰাই কয় – বিজেপিৰ নেতা–মন্ত্ৰী ভগৱান নেকি যে নিৰ্বাচন নৌহওঁতেই ১০০খন আসন লাভ কৰিব বুলি ক’ব পাৰে? ইয়াৰ পৰাই বুজিব পাৰি ইভিএম টেম্পাৰিং হোৱাৰ আশংকা আছে।

ইপিনে পৰাজয়ৰ আশংকাত ২১ৰ নিৰ্বাচনত গহপুৰ এৰি অন্য সুৰক্ষিত সমষ্টি বিচাৰি থকা প্ৰসংগত APCCৰ সভাপতি ৰিপুণ বৰাৰ মন্তব্য – বৰছলা সমষ্টিকে ধৰি কেইবাটাও সমষ্টিত  তেওঁক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দলীয় কৰ্মীয়ে বিচাৰিছে৷

আনহাতে বিজেপিক পৰাভূত কৰিবলৈ এআইডিএফকে ধৰি সকলো আঞ্চলিক দলৰ বাবে কংগ্ৰেছৰ দুৱাৰ শেষ মুহূৰ্তলৈকে খোলা থাকিব বুলি মন্তব্য কৰে ৰিপুন বৰাই৷ উল্লেখ্য যে ঢেকিয়াজুলিৰ ৰাজীৱ ভৱনত ব্লক কংগ্ৰেছৰ উদ্যোগত আয়োজিত যোগদান সভাত বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী বেণুধৰ নাথকে ধৰি পাঁচ শতাধিক বিভিন্ন দলৰ লোকে কংগ্ৰেছ দলত ৰিপুণ বৰাৰ উপস্থিতিত যোগদান কৰে৷

এই যোগদান সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই দলীয় কৰ্মীক সম্বোধন কৰি কয় – ২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে কৃষকৰ কৃষি ঋণ, মহিলাৰ মাইক্ৰ’ফাইনেন্সৰ ঋণ সম্পূৰ্ণ মাফ কৰা হ’ব৷ বিজেপিক সমালোচনা কৰি বৰাই কয়- বিজেপি দল এটা ফাকিবাজৰ দল৷ কেবল মিছা কথা কৈ ভোট লোৱাৰ বাহিৰে বিজেপি দলৰ একো কাম নাই৷ বিজেপি দল দৰিদ্ৰ, কৃষকবিৰোধী দল৷ বাকী আৰু ফাকিত চলিছে বিজেপি চৰকাৰ৷ সেইহে অসমৰ মানুহে সিদ্ধান্ত লৈছে, পূৰ্বে যি ভুল কৰিলে সেই ভুল ২১ত নকৰে৷ গতিকে ২১ত ৰাজ্যত হ’ব কংগ্ৰেৰ চৰকাৰ৷

-HODM Academy-
-HODM Academy-

Stay Connected

16,985FansLike
2,458FollowersFollow
61,453SubscribersSubscribe

Must Read

বোকাখাত সমষ্টিত প্ৰাৰ্থিত্বক লৈ অগপ–বিজেপিৰ মাজত যুজঁ!

২০২১ৰ নিৰ্বাচনত বোকাখাত সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ বাবে ৰাজ্যিক সমিতিক দাবী জনাব বুলি আকাশ ফুকনে মন্তব্য কৰে৷
-HODM Academy-

ই ভি এম টেম্পাৰিং নহ’লে ২০২১ হ’ব কংগ্ৰেছৰ চৰকাৰ – দাবী ৰিপুণ বৰাৰ

বিজেপিক পৰাভূত কৰিবলৈ এআইডিএফকে ধৰি সকলো আঞ্চলিক দলৰ বাবে কংগ্ৰেছৰ দুৱাৰ শেষ মুহূৰ্তলৈকে খোলা থাকিব বুলি মন্তব্য কৰে ৰিপুন বৰাই৷

বিধায়ক ৰমাকান্ত দেউৰীৰ বিধায়ক পদ খাৰিজ কৰাৰ দাবী অসম যুৱ ব্ৰাহ্মণ সমাজৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো বিধায়কজনক লেকাম লগোৱাৰ দাবী ব্ৰাহ্মণ সমাজৰ। ব্ৰাহ্মণ সমাজক লৈ কটু মন্তব্য কৰা বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে...

General Atlantic-Reliance Retail deal: ৰিলায়েঞ্চ ৰিটেইলত ৩৬৭৫ কোটি টকা বিনিয়োগ কৰিব General Atlantic–এ

ৰিলায়েঞ্চ ৰিটেইলৰ ভেঞ্চাৰ্ছৰ সহযোগী ৰিলায়েঞ্চ ৰিটেইল ভাৰতৰ সৰ্ববৃহৎ খুচুৰা ব্যৱসায়, যিয়ে ৭০০০খন চহৰত ১২০০০খন বিপণীৰ জৰিয়তে সেৱা আগবঢ়াই আছে।

Related News

হাথৰছ কাণ্ডঃ পোষ্টমৰ্টেম ৰিপ’ৰ্টত ওলাল–কেবাবাৰো চেপা হৈছিল ডিঙি, চাৰ্ভাইকল স্পাইন ভঙাৰ ফলত মৃত্যু

Hathras Case: পোষ্টমৰ্টেম ৰিপ’ৰ্টত কোৱা হৈছে যে ডিঙি চেপাৰ ফলত চাৰ্ভাইকল স্পাইন ভাঙি গৈছিল আৰু তাৰ ফলত ভুক্তভোগীৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে...
-HODM Academy-

LEAVE A REPLY

Please enter your comment!
Please enter your name here