-HODM Academy-
Home কৰোনা ভাইৰাস এসাগৰ নিভাঁজ মৰম লৈ মেনুৱেল গ’লগৈ, কান্দি কান্দি বিদায় দিলে গাঁওবাসীয়ে, কোন...

এসাগৰ নিভাঁজ মৰম লৈ মেনুৱেল গ’লগৈ, কান্দি কান্দি বিদায় দিলে গাঁওবাসীয়ে, কোন এইগৰাকী মেনুৱেল?

-HODM Academy-

পথাৰত কঠিয়া সিঁচি, ভূঁই ৰুই গাঁওবাসীৰ সৈতে একাত্ম হৈ পৰিছিল মেনুৱেল।

লকডাউনৰ ফলত শিৱসাগৰ জিলাৰ বকতা বকতিয়াল গাঁৱত আৱদ্ধ হৈ থকা  বিদেশী পৰ্যটক মেনুৱেলে ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। অসমৰ ভাষা, কলা, সংস্কৃতিৰ সৈতে একাত্ম হৈ পৰা স্পেইনৰ পৰ্যটকজনে মঙলবাৰে শিৱসাগৰ জিলাৰ বকতা বকতিয়াল গাঁৱৰ পৰা ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰে।

বিগত প্ৰায় ৮ মাহে শিৱসাগৰ জিলাৰ বকতা, বকতিয়াল গাঁৱত আবদ্ধ হৈ আছিল স্পেইনৰ পৰ্যটকজন। স্পেইনৰ পৰা ভাৰত ভ্ৰমণৰ উদেশ্যে চাইকেলেৰে ব্ৰহ্মদেশ হৈ মণিপুৰৰ পৰা অসমলৈ আহিছিল মেনুৱেল আৰিবাছ চজিকিউ নামৰ পৰ্যটকজন৷

অসমৰ বিভিন্ন শিক্ষানুষ্ঠান দৰ্শন কৰি অহা পৰ্যটকজন বকতা বকতিয়াল গাঁৱৰ বিশ্বজিত নামৰ যুৱকজনৰ ঘৰত উপস্থিত হৈছিল। কিন্তু সেইসময়তে বিশ্বজুৰি জটিল ৰূপ লয় কোৰোণা ভাইৰাছে।

সেইদৰে স্পেইনতো কোৰোণা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত স্বদেশলৈ ঘূৰি যাবলৈ ইচ্ছা প্ৰকাশ নকৰিলে পৰ্যটকজনে। দিন বাগৰাৰ লগে লগে বকতা বকতিয়াল গাঁৱৰ এজন সদস্য হৈ পৰিছিল পৰ্যটকজন৷ গাঁওবাসীৰ আপোন হৈ পৰা মেনুৱেল আৰিবাছ চজিকিউ মঙলবাৰে গুছি গ’ল নিজ ঘৰলৈ।

অসমীয়া কলা–সংস্কৃতিৰ সৈতে একাত্ম হৈ অসমীয়া ভাষা ক’বলৈও শিকা স্পেইনৰ যুৱকজনৰ বিদায়ৰ সময়ত আৱেগিক হৈ পৰিল গাঁওবাসী৷

বিদায়ৰ আগ মূহূৰ্তত গাঁওবাসীয়ে মেনুৱেলক দিলে বহু মৰম–চেনেহ৷ সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে বিদায় সম্ভাষণ জনালে মেনুৱেলক৷ যোৱাৰ সময়ত মেনুৱেল আৰিবাছ চজিকিউৱেও টুকিলে চকুলো৷ গাঁৱৰ বহু কণ কণ শিশুক স্পেনিছ ভাষাৰ জ্ঞানো দিছিল পৰ্যটকজনে৷ কণ কণ শিশুক শিকাইছিল স্পেনিছ সংগীত৷

যোৱাৰ সময়ত কণ কণ শিশুসকলেও কান্দি কান্দি বিদায় দিলে পৰ্যটকজনক৷ অসমীয়া মানুহৰ আতিথ্য, মৰম চেনেহ বুকুত বান্ধি মেনুৱেল আৰিবাছ চজিকিউ নিজ দেশলৈ গুছি গ’ল৷ 

-HODM Academy-
-HODM Academy-

Stay Connected

16,985FansLike
2,458FollowersFollow
61,453SubscribersSubscribe

Must Read

বোকাখাত সমষ্টিত প্ৰাৰ্থিত্বক লৈ অগপ–বিজেপিৰ মাজত যুজঁ!

২০২১ৰ নিৰ্বাচনত বোকাখাত সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ বাবে ৰাজ্যিক সমিতিক দাবী জনাব বুলি আকাশ ফুকনে মন্তব্য কৰে৷
-HODM Academy-

ই ভি এম টেম্পাৰিং নহ’লে ২০২১ হ’ব কংগ্ৰেছৰ চৰকাৰ – দাবী ৰিপুণ বৰাৰ

বিজেপিক পৰাভূত কৰিবলৈ এআইডিএফকে ধৰি সকলো আঞ্চলিক দলৰ বাবে কংগ্ৰেছৰ দুৱাৰ শেষ মুহূৰ্তলৈকে খোলা থাকিব বুলি মন্তব্য কৰে ৰিপুন বৰাই৷

বিধায়ক ৰমাকান্ত দেউৰীৰ বিধায়ক পদ খাৰিজ কৰাৰ দাবী অসম যুৱ ব্ৰাহ্মণ সমাজৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো বিধায়কজনক লেকাম লগোৱাৰ দাবী ব্ৰাহ্মণ সমাজৰ। ব্ৰাহ্মণ সমাজক লৈ কটু মন্তব্য কৰা বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে...

General Atlantic-Reliance Retail deal: ৰিলায়েঞ্চ ৰিটেইলত ৩৬৭৫ কোটি টকা বিনিয়োগ কৰিব General Atlantic–এ

ৰিলায়েঞ্চ ৰিটেইলৰ ভেঞ্চাৰ্ছৰ সহযোগী ৰিলায়েঞ্চ ৰিটেইল ভাৰতৰ সৰ্ববৃহৎ খুচুৰা ব্যৱসায়, যিয়ে ৭০০০খন চহৰত ১২০০০খন বিপণীৰ জৰিয়তে সেৱা আগবঢ়াই আছে।

Related News

হাথৰছ কাণ্ডঃ পোষ্টমৰ্টেম ৰিপ’ৰ্টত ওলাল–কেবাবাৰো চেপা হৈছিল ডিঙি, চাৰ্ভাইকল স্পাইন ভঙাৰ ফলত মৃত্যু

Hathras Case: পোষ্টমৰ্টেম ৰিপ’ৰ্টত কোৱা হৈছে যে ডিঙি চেপাৰ ফলত চাৰ্ভাইকল স্পাইন ভাঙি গৈছিল আৰু তাৰ ফলত ভুক্তভোগীৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে...
-HODM Academy-

LEAVE A REPLY

Please enter your comment!
Please enter your name here